গুৱাহাটী, ১৬ ডিচেম্বৰঃ চৰ-চাপৰিৰ বংগমূলীয় সমাজ জীৱনৰ কাহিনীৰ আধাৰত ৰচিত উপন্যাস কাঁহিবুনৰ মালিতা শনিবাৰে উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক অনুৰাধা শৰ্মাই ৰুদ্ৰাণী শৰ্মা নামেৰে লিখি উলিয়াইছে এই উপন্যাসখন। শনিবাৰে বিয়লি তিনিবজাত গুৱাহাটী প্ৰেছক্লাৱত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উন্মোচনী সভাখনত উন্মোচক হিচাপে উপস্থিত থাকে ড° গোবিন্দ প্ৰসাদ শৰ্মাই। পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাসখনৰ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে। ইয়াৰ ওপৰিও অনুষ্ঠানখনত উপস্থিত থাকি বক্তৃতা আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ মুৰব্বী অধ্যাপক ড° দিলীপ বৰা, বিশিষ্ট লেখক মুজিবুৰ ৰহমানকে আদি কৰি কেইবাজনো ব্যক্তিয়ে।