মানকাচৰ
২৪ মাৰ্চ
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা গুদলিগাঁও বি এছ এফ কেম্পত ৬ নং বি এন বি এছ এফে এক অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰে। এই অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ জৰিয়তে বি এছ এফে ছাত্ৰ-ছাত্ৰী সকলক অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰায়।
বুধবাৰে পুৱা ১১ বজাত গুদলিগাঁৱত থকা ৬ নং বি এন বি এছ এফ’ৰ সঞ্জয় সাধুস্থিত ছাউনিত এক বিশেষ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়। সীমান্ত সুৰক্ষা বাহিনীৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ আচঁনিৰ অধীনত সময়ে সময়ে বিভিন্ন কাৰ্যসূচী পালন কৰা হয় আৰু এই আঁচনিৰ অধীনত মানকাচৰ সমষ্টিৰ গুদলিগাঁও অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক সেনা বাহিনীৰ প্ৰতি আকৃষ্ট কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱ নিবন্ধকাৰ মহিবুল মণ্ডল আৰু বিজেপিৰ যুৱ নেতা মনিৰুজ্জামান মনি।
লক্ষ্যণীয় যে, সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া এ কে তেয়াৰিয়ে কয় যে, এনে প্ৰদৰ্শনীৰ ফলসূৰূপে বিগত সময়ত অঞ্চলটোৰ বহু যুৱকে সেনা বাহিনীত যোগদান কাৰৰ ইচ্ছা প্ৰকাশ কৰিছে। আনহাতে দুগৰাকী যুৱকে ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীত নিয়োগ হৈছে বুলিও জানিবলৈ দিয়ে সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়া গৰাকীয়ে।