অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৫ ডিচেম্বৰঃ ছানী লিওনি যদি অনুষ্ঠানত ভাগ লয় তেন্তে গণআত্মহত্যাৰ নিচিনা ঘটনা সংঘটিত হব কৰ্ণাটকত। ছানী লিওনিৰ অনুষ্ঠানৰ বিৰোধিতা কৰি শুক্ৰবাৰে গণআত্মহত্যাৰ হুংকাৰ দিছে কৰ্ণাটকত ৰক্ষনা বৈদিক যুৱ সেনাই। বেংগালুৰুৰ মান্যতা টেক পার্কৰ সম্মুখত ছানী লিওনিৰ অনুষ্ঠানৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি এই হুংকাৰ দিয়ে সংগঠনটোৰ সমাৰ্থকসকলে। নৱবর্ষৰ আগ নিশা বেংগালুৰুত এক অনুষ্ঠান কৰাৰ কথা আছে ছানী লিওনিৰ আৰু এই অনুষ্ঠানৰ ঘোষণাৰ পিছতে কৰ্ণাটকৰ বিভিন্ন ঠাইত কৰ্ণাটক ৰক্ষনা বৈদিক যুৱ সেনাৰ সমৰ্থকৰ বিক্ষোভ দেখিবলৈ পোৱা গৈছে। সংগঠনটোৰ সমর্থকৰ দাবী যদি ৩১ ডিচেম্বৰত ছানীৰ অনুষ্ঠান বাতিল কৰা নহয় তেন্তে কৰ্ণাটকৰ ৰাস্তাত গণআত্মহত্যাৰ ঘটনা সংঘটিত হব। সংগঠনটোৰ সম্পাদক হৰিশ জনাবলৈ দিয়ে যে “ছানী লিওনিৰ অতীত ভাল নহয়। ছানীয়ে যি ধৰণৰ পোছাক পৰিধান কৰে সেইটো আমি সমর্থন নকৰো। এনে ধৰণৰ অনুষ্ঠান উপভোগ কৰিবলৈ সহপৰিবাৰ লোকসকল আহে গতিকে পৰিবাৰৰ ওচৰত এনে ধৰণৰ উদাহৰণ আমি দাঙি ধৰিব নোৱাৰো। ছানী যদি শাড়ি পৰিধান কৰি এই অনুষ্ঠানত ভাগ লয় তেন্তে আমি এই অনুষ্ঠান উপভোগ কৰিবলৈ যাম অন্যথা আমি আত্মহত্যা কৰিম।

INPUT: ANANDA BAZAR PATRIKA