ছয়গাঁও

১৭ অক্টোবৰ

ছয়গাঁৱত অপৰাধীৰ মূৰৰ কামোৰণী হৈ পৰিছে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক। ছয়গাঁও আৰক্ষী থানাত কপিল পাঠকে যোগদান কৰি আঠ মাহতে ২৪ জন বাইক চোৰক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ২৫ খনকৈ চুৰিৰ বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

ছয়গাঁও আৰক্ষীৰ বৃহৎ সাফল্য৷ একে নিশাই গ্ৰেপ্তাৰ কৰিলে দুজন বাইক চোৰ আৰু তিনিজন আই পি এলৰ জুৱাৰী৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নিৰ্দেশত চলোৱা এক অভিযানত ছয়গাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা ছয়গাঁও গুমি পথত জেল হক নামৰ এজন বাইক চোৰক এখন নাম্বাৰ প্লেটবিহীন বাইকসহ আটক কৰে৷ জেল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই আৰক্ষীয়ে গৰৈমাৰীৰ ঘোৰামাৰাৰ পৰা ৰকিবুল হুছেইন নামৰ অন্য এজন বাইক চোৰক আটক কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়ামতে গৰৈমাৰীৰ কালাতলী পথাৰৰ জেল হক নামৰ লোকজনক ইতিমধ্যে বাইক চুৰিৰ অভিযোগত তিনিমাহ পূৰ্বে ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ জেলৰ পৰা ওলাই আহি জেল হক পুনৰ বাইক চুৰি কাৰ্যত জড়িত হৈ পৰে আৰু পুনৰবাৰ আৰক্ষীৰ হাতত ধৰা পৰে৷ আনহাতে ৰকিবুল হুছেইন নামৰ চোৰজনে ইতিমধ্যে ৪ খন চুৰি কৰা বাইক মেঘালয়ত বিক্ৰী কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷ আনহাতে আৰক্ষীয়ে প্ৰকাশ কৰামতে জেল হকে চোৰ কৰা গাড়ী সমূহ ৰকিবুল হুছেইনৰ জৰিয়তে বিক্ৰী কৰে৷ দুয়োজন চোৰেই বিভিন্ন ডকাইটি কাণ্ডৰ লগতে বহু অপৰাধ মূলক কামত জড়িত থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিছে৷

ইফালে শুকুৰবাৰে নিশাই ছয়গাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত ছয়গাঁৱৰ গুমিৰ পৰা তিনিজন আই পি এলৰ জুৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ গুমি চ’কৰ মাইনুদ্দিন আহমেদ নামৰ দোকানীজনৰ দোকানত আই পি এলকলৈ জুৱাৰ বজাৰ চলাই থকা আগগুমিৰ আবুজাহান আলী আৰু মজুন্দাৰ আলীৰ লগতে মাইনুদ্দিন আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা আই পি এলৰ বিভিন্ন নথি পত্ৰৰ লগতে ১০,২৫০ টকাৰ লগতে দুটা ম’বাইল জব্দ কৰে৷ এই তিনিওজনে চলিত আই পি এলকলৈ এক বৃহৎ জুৱা চলাই আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ উল্লেখযোগ্য যে ছয়গাঁও আৰক্ষী থানাত কপিল পাঠক নামৰ আৰক্ষী বিষয়া গৰাকীয়ে যোগদান কৰা প্ৰায় আঠ মাহ হ’ল আৰু এই আঠ মাহত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত ২৪ জন বাইক চোৰ গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ২৫ খনকৈ চুৰিৰ বাইক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

আনহাতে ড্ৰাগছ, ব্ৰাউন চুগাৰ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ত জড়িত থকাৰ অপৰাধত ১৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ১০ টা গোচৰ পঞ্জীয়ন কৰিছে৷ ইয়াৰ সমান্তৰালে জাল নোট ব্যৱসায়ৰ লগত জড়িত ৪ জন লোকক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৫ লাখ টকা জালি নোট জব্দ কৰিবলৈ সক্ষম হৈছে৷