ছয়গাঁও

১৮ অক্টোবৰ

অপৰাধীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত আছে ছয়গাঁও আৰক্ষীৰ৷ শনিবাৰে সন্ধিয়া গৰৈমাৰীৰ মহাবীৰ পথাৰ দাচপাৰাৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ী৷ ধৃত মহিলা গৰাকীৰ নাম নুৰজাহান বেগম৷

জানিব পৰামতে শনিবাৰে সন্ধিয়া ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা এক অভিযানত ছয়গাঁও আৰক্ষীয়ে মহাবীৰ পথাৰ দাচপাৰাৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা নুৰজাহান বেগমক নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ আনহাতে এই অভিযানৰ সময়ত নুৰজাহানৰ স্বামী জামালুদ্দিনে কৌশলেৰে পলায়ন কৰে৷ আৰক্ষীয়ে নুৰজাহানৰ ঘৰৰ পৰা ১১ টা কণ্টেনাৰ, এটা চিৰিঞ্জ আৰু নগদ ১০,৬০০ টকা জব্দ কৰে৷ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৩৩ হেজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে জামালুদ্দিন আৰু নুৰজাহান নামৰ স্বামী-স্ত্ৰীয়ে দীৰ্ঘদিন ধৰি গৰৈমাৰী অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই আছিল৷

উল্লেখ্য যে কেইমাহমান পূৰ্বেও ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই দুয়ো স্বী-স্ত্ৰীক গ্ৰেপ্তাৰ কৰিছিল৷ জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ব্যৱসায়ত লাগি পৰে জামালুদ্দিন আৰু নুৰজাহান নামৰ স্বামী-স্ত্রী৷ শনিবাৰে পুনৰ আৰক্ষীৰ দলে দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাই নুৰজাহানক গ্ৰেপ্তাৰ কৰে যদিও জামালুদ্দিন পলাই সাৰে ৷