ছয়গাঁও, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া এগৰাকীৰ ওপৰত হোৱা বৰ্বৰ ঘটনাই বাৰে বাৰে জোকাৰি গৈছে দক্ষিণ কামৰূপৰ ছয়গাও অঞ্চল। উক্ত ঘটনা অনুসৰি যোৱা ২৮ জানুৱাৰীৰ নিশা ছয়গাঁও থানাৰ অন্তৰ্গত গুমীত একেটা পৰিয়ালৰেই পিতৃ আচুৰুদ্দিন আলি, মাতৃ য়াতুন নেচা আৰু তেওঁলোকৰ কনমাণি সন্তান কুৰবান আলিক কোনো দুই দুৰ্বত্তই বৰ্বৰভাৱে হত্যা কৰিছিল। পাছত দুই অভিযুক্ত জালত পৰিছে যদিও আজিকোপতি কৰায়ত্ত্ব কৰিব পৰা নাই। মূল দুই অভিযুক্ত কেইজন বগা ওৰফে আনচেৰ আলি আৰু ৰাজেক আলি। আনহাতে কনমাণি কুৰবানৰ মৃতদেহ শনিবাৰে কলহীৰ বুকুত বস্তাত ভৰোৱা অৱস্থাত নাৱৰীয়াই উদ্ধাৰ কৰাৰ পিছত ৰাইজে আইন হাতত তুলি লৈ আৰক্ষীক পানীত পেলাই লৈ তালিবনী শাস্তি দিয়াৰ শিহৰণকাৰী বাতৰি ইতিমধ্যে সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছে। এতিয়ালৈকে ঘটনাৰ লগত জড়িত মুঠ ১৩ জনক কৰায়ত্ব কৰিবলৈ সক্ষম হল। কিন্তু পলাশবাৰী বিধান সভা সমষ্টিৰ সাপৰটাৰী গাঁও পঞ্চায়তৰ বিজেপি সভাপতি আব্দুৰ ৰহিমৰ উচতনিতেই সংঘটিত হৈছিল নেকি আৰক্ষীক আক্ৰমণৰ ঘটনাটো। আহত আৰক্ষী বিষয়া মণ্টু কুমাৰ দাসে দিয়া এজাহাৰত উল্লেখ আছে এইগৰাকী অভিযুক্ত বিজেপি নেতাৰ নাম। অৱশ্যে এই সন্দৰ্ভত শাসকীয় দলৰ নেতাৰ নাম উল্লেখ নকৰে আৰক্ষীয়ে।এতিয়ালৈকে আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল জামাল আলি, ৰকিবুল আলি, চফিকুল আলি, জহৰুদ্দিন আলি, নুৰুল হক, মতলেৱ আলি, পুল্লন আলি, মকবুল আলি, আজিম আলি, আইনুল হক, ৰহিম আলি আৰু হজৰত আলি জালত পৰিল আৰক্ষীৰ।আনহাতে এতিয়াও পলাতক হৈ থকা বিজেপি নেতা আব্দুৰ ৰহিম আৰক্ষীৰ জালত পৰিলেহে পোহৰলৈ আহিব সমস্ত ঘটনা। এই শিহৰণকাৰী হত্যাকাণ্ডই শংকিত কৰি তুলিছে ছয়গাঁওবাসীক। ব্যৰ্থ নেকি আৰক্ষী যাৰ বাবে হত্যাৰ মূল অভিযুক্তক আজিও কৰায়ত্ব কৰিব পৰা নাই। পৰিণতিত ৰাইজৰ ৰোষত পৰিব লগা হল নেকি আৰক্ষী। আনহাতে যোৱা নিশা গুমিৰ ওচৰৰ চৰাঞ্চলৰ পৰা আটক কৰা ১১ জনীয়া দুৰ্বৃত্তৰ দলটোক আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰে ।