ছয়গাওঁ, সংবাদ ৩৬৫, ৯ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া ৰাজ্যত সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । এই বিধেয়কখন বাতিলৰ দাবীত ৰাইজপথলৈ ওলাই আহিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে হেজাৰ হেজাৰ ৰাইজ। নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে কটনৰ দৰে উচ্চচ শিক্ষানুষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ জনাই অনিৰ্দিষ্টকাললৈ শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । কেৱল কটনেই নহয় ৰাজ্যৰ কেইবাখনো উচ্চ শিক্ষাৰ অনুষ্ঠানে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ প্ৰতিবাদ জনাই শ্ৰেণী বৰ্জনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ ব্যতিক্ৰম নহয় ছয়গাওঁ মহাবিদ্যালয়ো । ছয়গাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাইও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই বুধবাৰৰ পৰা অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি কমল দাস আৰু সাধাৰণ সম্পাদক বনজিৎ কলিতাৰ দ্বাৰা স্বাক্ষৰিত এক বিবৃতিযোগে এই কথা সদৰি কৰে । তেওলোকে জাতিধ্বংসী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীকো বিধেয়কৰ বিৰোধিতা কৰি শ্ৰেণী বৰ্জন কাৰ্যসূচী সফল কৰাৰ বাবে আহ্বান জনায় ।