তামুলপুৰ, সংবাদ ৩৬৫, ১১ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভৰ উদগীৰণৰ জুই অব্যাহত থকাৰ সময়তে আনহাতে অন্য এক বিতৰ্কিত বিষয় ছয় জনগোষ্ঠীৰ জন জাতিকৰণৰ বিৰোধীতাৰেও ৰাজ্যজুৰি তীব্র প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে। শুকুৰবাৰে ছয় জনগোষ্ঠীৰ জন জাতিকৰণৰ বিৰুদ্ধে আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যৰ ঠায়ে ঠায়ে পৰিলক্ষিত হয়। তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্ততো এবছু, আৰছু, হাজং ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘই ৰাজপথ অবৰোধ কৰি টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ ফলত তামুলপুৰৰ দোকান পোহাৰ, সাপ্তাহিক বজাৰ, যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে। বন্ধৰ সময়ছোৱাত কোনোধৰনৰ অপ্ৰীতীকৰ ঘটনা সংঘটিত হোৱাৰ কোনো খবৰ পোৱা নাই। আক্ৰাছুৰ এই অসম বন্ধত সষ্টম হৈ থাকে তামুলপুৰ মহকুমা প্ৰশাসন ৷