বোকাজান, সংবাদ ৩৬৫, ১২ অক্টোবৰ:জনতাৰ বন্ধু”বঁটা প্ৰাপক বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে শুকুৰবাৰে নিজ সমষ্টিৰ একাংশ লোকৰ সমস্যাক লৈ হঠাৎ উপস্থিত হয় বোকাজান ইলেক্ট্রিচিটি অফিচত। শেহতীয়াকৈ সমষ্টিটোৰ বিভিন্ন ভিতৰুৱা প্ৰান্তত দৰিদ্ৰজনতাৰ পৰা বিদ্যুৎ বিভাগৰ একাংশ এজেন্টে মিটাৰ দিয়াৰ নামত ধন দাবী কৰাৰ এক অভিযোগ কৰিছিল ভুক্তভোগী গঞা ৰাইজে। যি অভিযোগ লাভ কৰাৰ পাছতে ভুক্তভোগীক লগত লৈ হঠাৎ বোকাজান বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক ডাঃ নোমল মমিন। ইফালে ৰাইজৰ অভিযোগক গুৰুত্ব সহকাৰে লৈ মিটাৰৰ নামত ধনদাবী কৰা অভিযোগ উত্থাপিত হোৱা এজেণ্ট সকলৰ ওপৰত তদন্তৰো নিৰ্দেশ জাৰি কৰে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে সমষ্টিৰ বিভিন্ন উন্নয়ন মূলক আঁচনি তথা সমষ্টিটোত চলি থকা বিভিন্ন উন্নয়ন মূলক কামৰ বিষয়ে বোকাজান ব্লকৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে এক আলোচনাটো মিলিত হয় বিধায়ক গৰাকী। বিধায়ক গৰাকীৰ দাবী বিগত ১৫বছৰে কংগ্ৰেছে লুটি পুতি খোৱাত বৃহত্তৰ বোকাজান সমষ্টি পিছপৰি ৰৈছিল। কিন্তু বিজেপিৰ সময়ছোৱাত বহু উন্নয়ন হৈছে বোকাজানত। আৰু আহিব লগীয়া দিনবোৰত আৰু উন্নয়ন দেখিবলৈ পাব সমষ্টিবাসীয়ে।