গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ: কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰি থকা সময়তে দেওবাৰে সমগ্ৰ ভাৰতবৰ্ষত ঘোষণা কৰা হৈছিল “জনতা কাৰফিউ”। “জনতা কাৰফিউ”ৰ ফলত দেওবাৰে জনজীৱন স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশতে। সোমবাৰে কিন্তু প্ৰায় ২৪ ঘণ্টা পিছত ৰাজপথলৈ ওলাই আহিল জনতা।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “জনতা কাৰফিউ”ৰ পিছতো সকলো জনতাক নিজৰ ঘৰৰ পৰাই কাম কৰিবলৈ আহ্বান জনাইছিক যদিও “জনতা কাৰফিউ”ৰ সময় শেষ হোৱাৰ লগে লগে বহুলোকে ৰাজপথলৈ গতি কৰা দেখা গ’ল মহানগৰী গুৱাহাটীত। ৰাইজ ৰাজপথলৈ ওলাই অহাৰ লগতে বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰখা দেখা গ’ল। যি সময়ত ভাৰতবৰ্ষত কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসত ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে প্রায় ৪১৫ গৰাকী লোক সমগ্ৰ দেশতে কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ আছে সেই সময়তে এনেধৰণৰ মুক্ত বিচৰণে এক ডাঙৰ সংকট কঢ়িয়াই অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ ১৪ ঘণ্টাৰ বাবে দেশবাসীক “জনতা কাৰ্ফিউ” পালন কৰিবলৈ আহ্বান জনাইছিল যদিও অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে “জনতা কাৰ্ফিউ”ৰ সময় সোমাবাৰ পুৱা ৮ বজালৈ বৃদ্ধি কৰি ৰাজ্যবাসীক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছিল।