বাঘবৰ, সংবাদ ৩৬৫, ২০ অক্টোবৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সেউৰাভিটাস্থ তাজ উদ্দিন হাইস্কুল খেল পথাৰত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় দিবা-নৈশ প্ৰাইজমানী ভলীবল খেল প্ৰতিযোগিতা। স্থানীয় বিশিষ্ট ব্যক্তি আলহাজ আব্বাছ আলীয়ে সভাপতিত্ব কৰা খেল খনত উপস্থিত থাকে বৃহত্তৰ বাঘবৰ এলেকাৰ বিশিষ্ট ব্যক্তি আলহাজ ইউছুফ আলী , অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ আ: বাৰেক , অঞ্চলটোৰ কেইবা গৰাকী সাংবাদিক, চিকিৎসকসহ বহু গন্য মান্য ব্যক্তি। খেল উপভোগ কৰিবলৈ প্ৰায় তিনি সহস্ৰাধিক লোকৰ সমাগম হয় । জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছটাকৈ দলৰ মাজত এক যুদ্ধ সাদৃশ পৰিবেশত নিশা ১২ টালৈ চলে প্ৰাইজমানী ভলীবল খেল প্ৰতিযোগিতা। অৱশেষত ডাবালিয়াপাৰা ক্ৰীড়া সন্থাই প্ৰথম স্থান লাভ কৰি পাঁচ হাজাৰ এটকা লগতে এখন ট্ৰফী লাভ কৰে । দ্বিতীয় স্থান ফ্ৰান্স ক্লাব চানমামাৰ দলে লাভ কৰি তিনি হাজাৰ এটকা আৰু এখন ট্ৰফী লাভ কৰে। শেষত সকলোৰে সহায় সহযোগিতাত উদ্বোক্তাই ধন্যবাদ জ্ঞাপন কৰে ।