বৰপেটা, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : বৰপেটা জিলাৰ জনীয়াত দেওবাৰে বেংগুলী সম্প্ৰদায় সকলৰ চৰক পূজা সম্পন্ন হয়। তেওঁলোকৰ ধৰ্মীয় নীতি অনুসৰি চ’ত মাহৰ ২৩ তাৰিখৰ পৰা হিন্দু মানুহৰ ঘৰে ঘৰে গৈ এটা কাঠৰ টুকুৰা মূৰত লৈ আগন্তুক বছৰটো কৌশলে অতিবাহিত হোৱাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু কাঠৰ টুকুৰাটোক মহাদেৱ বুলি মান্য কৰে।

উল্লেখযোগ্য যে চ’ত মাহৰ শেষৰ দিনা অনুষ্ঠিত কৰা চৰক পূজাত জনীয়াৰ হিন্দু-মুছলমান সকলোৰে সমাগমত পূজাস্থলি সমন্বয়স্থলিলৈ ৰূপান্তৰিত হোৱা দেখা যায়।

বিগত ৩৬ বছৰ ধৰি কৰি অহা এই আকৰ্ষণীয় পূজা ভাগত বহুতেই মনৰ বাসনা পূৰণৰ বাবে পাৰ চৰাই-পাঠা আদি আগবঢ়াই আহিছে। পূজা ভাগত মানুহ এজনৰ পিঠিত বৰশী বিন্দাই ওপৰত সাত পাক ঘূৰোৱাটোৱে হৈছে মূল আকৰ্ষণ।