বৰপেটা, সংবাদ ৩৬৫,২৮জুলাইঃ বৰপেটা জিলাৰ জনীয়াৰ বাংলীপাৰা গাঁৱত ২০ বছৰ পূৰ্বৰ মৃত ব্যক্তিৰ নাম ওলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পোৱা মতে, কাটি থোৱা গছৰ মূৰা এটাত মুকবুল নামৰ ব্যক্তি এগৰাকীৰ নাম ওলাইছে। আজিৰ পৰা ৩৫ বছৰ মান আগতে মুকবুলে নিজৰ বাৰীত ৰোপন কৰিছিল এজোপা ৰবাব টেঙাৰ পুলি আৰু পিছলৈ ৰবাব টেঙাৰ পুলিটো প্ৰকাণ্ড গছলৈ পৰিণত হোৱাৰ পিছত মুকবুলৰ পুত্ৰই মুকবুলৰ মৃত্যুৰ পিছত ৰবাব টেঙাৰ গছ জোপাৰ লগতে বাৰীৰ মাটিসহ বিক্ৰী কৰি দিয়ে অন্য ব্যক্তি এজনৰ ওচৰত। ক্ৰয় কৰা ব্যক্তিজনে ৰবাব টেঙাৰ গছ জোপা কাটি পেলায় আৰু তেওঁৰ পৰা আকবৰ দেৱান নামৰ ব্যক্তি এজনে খৰি ফালিবলৈ গছৰ মূৰাটো লৈ যায়। মূৰাটোৰ পৰা বৃহৎ পৰিমাণৰ খৰি ওলোৱাৰ পাছত ২০ বছৰ পূৰ্বে মৃত্যু হোৱা গছ জোপাৰ ৰোপক মুকবুলৰ নাম ওলোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে গছৰ মূৰাটো চাবলৈ। আকবৰ দেৱানৰ পৰিয়ালৰ চাৰিজন ব্যক্তিক ভূতে ধৰা বুলিও প্ৰচাৰ চলি থকাৰ সময়তে ভূতে ধৰা ব্যক্তি সকলৰ ভিজুৱেল সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰে মুকবুলৰ পুত্ৰই। অৱশিষ্ট গছৰ মূৰাটো মৃত মুকবুলৰ পুত্ৰ ৰাজু সৰকাৰে নিজৰ পিতৃৰ নাম থকা গছৰ মূৰাটো সংৰক্ষিত কৰি ৰাখিবলৈ বিচাৰিছে ।