বৰপেটা, সংবাদ ৩৬৫, ২৮ আগষ্টঃ বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ এলেকাধীন আৰু জনীয়া সমষ্টিৰ অন্তৰ্গত ২৭৫ নং প্ৰাথমিক বিদ্যালয়ত বিভাগীয় কতৃপক্ষৰ জ্ঞাত সাৰেই দীৰ্ঘদিন ধৰি চলি আহিছে বিয়াগোম দূৰ্নীতি।বিদ্যালয়খনত বিগত দুবছৰ ধৰি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন আৰু ইউনিফ্ৰমৰ পৰা বঞ্চিত কৰিছে প্ৰধান শিক্ষক তাইজুদ্দিন আহমেদে৷ প্ৰধান শিক্ষক গৰাকীয়ে আন্তঃগাঁথনিৰ ধন আত্মসাৎৰো অভিযোগ উত্থাপিত হৈছে। বিদ্যালয় খনত পাঁচটা শ্ৰেণী থকাৰ বিপৰীতে ছয়জনকৈ শিক্ষক থকা স্বত্তেও এটা কোঠাত দুটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি বাকী শিক্ষক-শিক্ষায়িত্ৰীয়ে নিজৰ সহপাঠীৰ লগত কথোপ কথন কৰা পৰিলক্ষিত হয়৷এই ক্ষেত্ৰত প্ৰধান শিক্ষক তাইজুদ্দিন আহমেদে কয় যে বিদ্যালয় পৰিচালনা সমিতি নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন আৰু ইউনিফর্ম প্ৰদান কৰিব পৰা হোৱা নাই। আনফালে ৰাইজৰ অভিযোগ যে গো-গ্ৰাসে গিলিবলৈহে প্ৰধান শিক্ষকে কৌশল গত ভাবে বিদ্যালয় পৰিচালনা সমিতি গঠনৰ পৰা আঁতৰত আছে।