জনীয়া
১১ ছেপ্টেম্বৰ

জনীয়া সত্ৰত লুটপাত কৰিবলৈ অহা দুৰ্বৃত্ত আটক। প্ৰাতঃভ্ৰমণলৈ অহা লোকে দুৰ্বৃত্ত জনক আটক কৰি গতাই দিয়ে আৰক্ষীক। ধৃত দুৰ্বৃত্ত জন হৈছে সৰ্থেবাৰীৰ মনোজ বড়ো। বৰপেটাৰ আৰক্ষীয়ে দুৰ্বৃত্ত জনক জেৰা চলাই আছে।

বৰপেটা জিলাৰ গণককুছি সত্ৰত গুৰুজনাৰ আসন জ্বলাই দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে এইবাৰ জিলাখনৰ জনীয়া সত্ৰত সংঘটিত হৈছে অঘটন। লুটপাতৰ উদ্দেশ্যে জনীয়ৰ শ্ৰী শ্ৰী পুৰুষোত্তম ঠাকুৰ দেৱ সত্ৰত শুকুৰবাৰে পুৱাৰ প্ৰৱেশ কৰে এজন দুৰ্বৃত্ত। প্ৰাতঃভ্ৰমণলৈ অহা কিছুমান লোকে দুৰ্বৃত্ত জনক সত্ৰত লুটপাতৰ চেষ্টা চলাই থকা অৱস্থাত দেখা পাই স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰি দুৰ্বৃত্ত জনক গতাই দিয়ে বৰপেটা আৰক্ষীক। ধৃত দুৰ্বৃত্ত জন সৰ্থেবাৰীৰ মনোজ বড়ো বুলি জানিব পৰা গৈছে। জনীয়া সত্ৰবাসীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে দুজন দুষ্কৃতিকাৰীয়ে ধৃত দুৰ্বৃত্ত জনক জনীয়া সত্ৰৰ চৌহদত প্ৰৱেশ কৰাই দুষ্কৃতিকাৰী দুটা ঘটনাস্থলীতৰ পৰা আঁতৰি যায়। এই ঘটনাক অতি দূৰ্ভাগ্যজনক ঘটনা বুলি প্ৰকাশ কৰিছে জনীয়া অঞ্চল বাসীয়ে। জনীয়া অঞ্চলৰ একাংশ মুছলমান সচেতন যুৱকে কয় যে, জনীয়া সত্ৰ আমাৰ গৌৰৱ, যাৰ বাবে ঐতিহ্যমণ্ডিত সত্ৰখন ৰক্ষনাবেক্ষণ দিয়াও আমাৰ দায়িত্ব আৰু কৰ্তব্য। তেনে ক্ষেত্ৰত জনীয়া সত্ৰত বাহিৰৰ লোকে চুৰিকাণ্ড সংঘটিত কৰা ঘটনাৰ আঁৰত এক ৰহস্য আছে বুলি প্ৰকাশ কৰে যুৱক সকলে। স্থানীয় কিছুমান যুৱকে এই ঘটনাৰ জৰিয়তে কিছুমান দুস্কৃতিকাৰীয়ে হিন্দু-মুছলমানৰ মাজত সদায় সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা চলাই থকা লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

বৰপেটা জিলাৰ জনীয়া অঞ্চলত প্ৰায় ৯৫ শতাংশ মুছলমান লোক বসবাস কৰে। মুছলমান জনবসতিপূৰ্ণ অঞ্চলত সত্ৰত লুটপাত চলাবলৈ প্ৰৱেশ কৰা দুৰ্বৃত্ত জন ধৰাত নপৰিলে এই ঘটনাক কিছুমান দুস্কৃতিকাৰীয়ে সাম্প্ৰদায়িক ৰূপ দি জনীয়াত মুছলমানৰ বিপক্ষে এক নীতিবাক প্ৰভাৱ পেলাবলৈ চেষ্টা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে বহুতে।অনাগত দিনত হিন্দু-মুছলমানৰ পবিত্ৰ মিলন ভূমি জনীয়াক লৈ যাতে কোনো পক্ষই কুটিল ৰাজনীতি নকৰে তাৰ বাবে জনীয়াৰ সচেতন মহলে আহ্বান জনাইছে। ইফাকে বৰপেটাৰ আৰক্ষীয়ে দুৰ্বৃত্ত জনক জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।