জলেশ্বৰ, সংবাদ ৩৬৫, ৩০ জুলাই:গভীৰ উৎকণ্ঠা আৰু উদ্দীপনাৰ অন্তত সোমাবাৰে নিৰ্ধাৰিত সময়ত প্ৰকাশ পালে অসমবাসীৰ জাতীয় দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা l লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাটাৰীহাৰা এন আৰ চি সেৱা কেন্দ্ৰত আজি পুৱাৰ ভাগতেই উপস্হিত হয়

পীৰে কামিল চাহ ছৈয়দ মজহৰ উদ্দিন আহমেদ চাহাবৰ লগতে জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাব উদ্দিন আহমেদ l ৰাতিপুৱা ৯:৪৫ বজাত পীৰ চাহাবৰ উপস্হিতিত জাতীয় দলিলৰ চুড়ান্ত খচৰাৰ শুভদ্ভোধন কৰি গৌৰৱান্বিত হয় বিধায়ক আহমেদ l এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যাৰ সমাধান হব তেওঁ গভীৰ আশাবাদী l জানিবপৰামতে গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৬ খন এন আৰ চি সেৱা কেন্দ্ৰত নিৰ্ধাৰিত সময়ত প্ৰকাশ হয় চুড়ান্ত খচৰা l প্ৰতিটো সেৱা কেন্দ্ৰত ৰাতিপুৱা ৭.০০ বজাৰ ভিতৰতেই বিষয়া কৰ্মচাৰী সকল উপস্হিত হৈ চুড়ান্ত খচৰা প্ৰকাশৰ প্ৰস্তুতি লয় আৰু প্ৰশাসনেও কটকটীয়া নিৰাপত্তা ব্যৱস্থা প্ৰদান কৰে l এন আৰ চি সেৱা কেন্দ্ৰৰ উপৰিও প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰতো উপলব্ধ কৰা হয় এন আৰ চিৰ চুড়ান্ত খচৰা l সেয়ে সেৱা কেন্দ্ৰ সমূহত জনসাধাৰণে তেনেকুৱা ভিৰ কৰা পৰিলক্ষিত নহয় l
আনফালে চুড়ান্ত খচৰা প্ৰকাশৰ পিচত দেখিবলৈ পোৱা গল ব্যাপক বিসংগতি l বহুতৰে নামৰ বানান ভুল ভ্ৰান্তৰে প্ৰকাশ পালে জাতীয় দলিলৰ খচৰা l পিচে কেতিয়া এই সমূহ বানান ভুলৰ সংশোধনৰ সুবিধা দিয়া হ’ব তাক লৈ জনসাধাৰণৰ মাজত সৃষ্টি আন এক উৎকন্ঠাৰ l