জলেশ্বৰ, সংবাদ ৩৬৫, ৩ আগষ্টঃ গোৱালপাৰা জিলাৰ জলেশ্বৰত বানপানীৰ ফলত সৃষ্টি হৈছে প্ৰচণ্ড গৰাখহনীয়াৰ৷ চপৰা চপৰে খহিছে মানুহৰ ঘৰ-দুৱাৰৰ লগতে ভেটি মাটি৷ জলেশ্বৰ সমষ্টিৰ পূৱ কাঠুৰি, চিলাৰভিটা, তাৰাংগাপুৰ, জলেশ্বৰ,মেদৰটাৰী আদি অঞ্চলত চলিছে গঢ়াখহনীয়াৰ সংহাৰ l গোৱালপাৰা জিলাৰ জলেশ্বৰত সমষ্টিত বানপানীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি সৃষ্টি কৰে প্ৰচণ্ড গৰাখহনীয়াৰ৷ পূৱ কাঠুৰি, চিলাৰভিটা, তাৰাংগাপুৰ, জলেশ্বৰ,মেদৰটাৰী আদি অঞ্চলৰ লোকৰ ঘৰ-দুৱাৰ উটি যোৱাৰ লগতে হেক্টৰে হেক্টৰে কৃষি ভূমি লুইতৰ বুকুত বিলীন হ’ব ধৰিছে৷ l সম্প্ৰতি এই অঞ্চলৰ হাজাৰ হাজাৰ লোকে বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে৷মুকলি আকাশৰ তলত দিন অতিবাহিত কৰিবলগীয়া হৈছে ক্ষতি গ্ৰস্ত পৰিয়ালৰ লোকে l নৈপৰীয়া ৰাইজৰ এনে অসহায় অৱস্থা দেখি খহনীয়া প্ৰতিৰোধৰ দাবীত সৰব হৈ পৰিছে কংগ্ৰেছৰ যুৱ নেতা গোলাম বাবু কিব্ৰিয়া l ক্ষতি গ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দাবী কৰে যুৱ নেতাজনে l কিন্তু খবৰ নাই গোৱালপাৰা জিলা জল-সম্পদ সংমণ্ডলৰ লগতে চৰকাৰৰ l আনফালে কাণসাৰ নাই জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাবুদ্দিন আহমেদ অথবা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ৷