জাগীৰোড, সংবাদ ৩৬৫, ৩১ জুলাইঃ  জোলোঙাৰ মেকুৰী ওলাই পৰিল৷ জাগীৰোডৰ ধৰমতুল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বন বিভাগৰ চকুত ধুলি দি একাংশ দুষ্টচক্ৰই দৈনন্দিন চলাই গৈছে বালিৰ ৰমৰমীয়া অবৈধ ব্যৱসায় । মৰিগাওঁ-কাৰ্বিআংলংৰ সীমান্তৱৰ্তী আমচলি নৈৰ পৰা অবৈধ ভাবে বালি খনন কৰি থকাৰ সময়তে  ধৰমতুল আঞ্চলিক বন বিষয়া জীনাৰাম বৰদলৈৰ নেতৃত্বত চলোৱা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এ এচ০১-চি চি-২৬৬৮, এ এচ০১-বি চি-২৩৬৯, এ এচ০১-চি-৭৭৭১, এ এচ০১-চি-৪৫০৪, এ এচ২৫-বি-৭৩৩৬, এ এচ০১-ই চি-২৭১৭, এ এচ০১-ওৱাই-২৫৭৯, এ এচ০১-জে চি-৮৯৮৯৪ নম্বৰৰ ৮ খনকৈ অবৈধ বালি কঢ়িওৱা ট্ৰাক । উল্লেখ্য যে বিগত দিন সমূহত কোনো অনুজ্ঞাপত্ৰ অবিহনে বন বিভাগৰ চকুত ধুলি দি বালি সৰবৰাহ কৰি আহিছে দুষ্টচক্ৰটোৱে ।