জাগুন, সংবাদ ৩৬৫, ৯ মেঃ অসম অৰুনাচল সীমান্তৱৰ্তী জাগুনৰ নামচিকত বন বিভাগে অভিযান চলাই নামচিক সংৰক্ষিত বনাঞ্চলত চুৰাং কাঠৰ সৰবৰাহত ব্যৱহৃত হাতী জব্দ কৰে। তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ জাগুন বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নামচিক সংৰক্ষিত বনাঞ্চলত একাংশ দুস্কৃতিকাৰীয়ে মূল্যৱান গছ কাটি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা সময়ত মঙলবাৰে এক গোপন সূত্ৰৰ পম খেদি নামচিক সংৰক্ষিত বনাঞ্চলত অভিযান চলাই জাগুন বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীয়ে চুৰাং কাঠ ব্যৱসায়ত ব্যৱহাৰ কৰা এটা হাতী জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে যে বিগত বহু দিন ধৰি একাংশ দুস্কৃতিকাৰীয়ে এই অঞ্চলৰ পৰা মূল্যৱান গছ কাটি অৰুণাচল প্ৰদেশৰ বিভিন্ন প্লাইওড নিৰ্মাণ কাৰখানা সমূহত সৰবৰাহ কৰি আহিছে। বহু বাৰ জাগুনৰ বন বিভাগৰ লোকে এই অঞ্চলত চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই আহিছিল যদিও কোনো ধৰণৰ ফল পোৱা নাছিল যদিও মঙলবাৰে বন বিভাগৰ অভিযানত চোৰাং কাঠ টনা কাৰ্যত ব্যৱহাৰ কৰা মাউতসহ এটা হাতী ধৰিবলৈ সক্ষম হয়। ইতিমধ্যে জব্দ কৰা হাতীটো অৰুণাচল প্ৰদেশৰ নামফাইৰ নিবাসী কে. মচাংৰ বুলি জানিব পৰা গৈছে। বৰ্তমানে মাউতসহ হাতীটো জাগুন বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে।  উল্লেখ্য যে মঙলবাৰে এই অভিযানত জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত আৰক্ষীয়ে বন বিভাগক সহযোগ কৰিছিল।