তিনিচুকীয়া, সংবাদ ৩৬৫, ১৯ মাৰ্চ: তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাৱঁত দেওবাৰে নিশা প্ৰায় ৯ মান বজাত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে মৃত্যুক আঁকোৱালি লব লগা হয় ৰূপা চেতিয়া নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাই। ঘটনাৰ বিবৰণী মতে কথা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বন্যহস্তীয়ে জাগুনৰ আহোম পথাৰ গাৱঁত প্ৰবেশ কৰি ৰূপা চেতিয়াৰ ঘৰত খাদ্যৰ সন্ধানত আক্ৰমণ কৰি ঘৰৰ বেৰ ভাঙি লণ্ডভণ্ড কৰে। গজৰাজৰ ৰুদ্ৰ মূৰ্তি দেখি মহিলা গৰাকীয়ে সেই সময়ত তেওঁৰ লগত থকা একমাত্ৰ ভতিজাক লৈ ঘৰৰ পৰা ওলাই পলায়ন কৰোতেই সংঘটিত হয় এই অবাঞ্চিত দূৰ্ঘটনাৰ। দূৰ্ঘটনাত ৰূপা চেতিয়াই প্ৰাণ হেৰুৱাব লগীয়া হয় যদিও কোনো মতে হাতীৰ আক্ৰমণৰপৰা পলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ভতিজাক জয়ন্ত চেতিয়া। উল্লেখ্য যে, জাগুনত ইয়াৰ পূৰ্বেও বনৰীয়া হাতীৰ আক্ৰমণত বহু কেইজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। স্থানীয় ৰাইজে বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগক অনুৰোধ কৰি আহিছে যদিও বন বিভাগ এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।