বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১০ জানুৱাৰী: জাতিধ্বংসী বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ দল সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰিছে। তাৰ সমান্তৰালকৈ বৃহস্পতিবাৰেও বিলখনৰ বিৰুদ্ধে বাইহাটা চাৰিঅালিত দুই শতাধিক প্ৰতিবাদকাৰীৰ জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই বিধেয়কখন শীঘ্ৰে বাতিলৰ দাবীত দুই শতাধিক সমদলকাৰীয়ে হাতে হাতে জোৰ লৈ কামৰূপ জিলাৰ বাইহাটা চাৰিঅালিৰ চাৰিওটা পথত বিভিন্ন চৰকাৰবিৰোধী শ্লোগান দি অঞ্চলটো উত্তাল কৰি তোলে । পূৱ কামৰূপ মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ পুৰুষ মহিলাই উক্ত বিদ্যালয়খনৰ সন্মুখৰ পৰা জোৰ লৈ সমদল কৰি বাইহাটা চাৰিঅালি চ’কলৈ আহে । বাইহাটা চাৰিঅালি সাহিত্য সভা উত্তৰ কামৰূপ কৃষি ভূমি পৰিৱেশ সংৰক্ষণৰ সমিতিকে ধৰি কেইবাটাও সংগঠনে এই সমদলত অংশ লৈ ক্ৰমে মংগলদৈ পথ,সগুৱাহাটী পথ, অাৰু ৰঙিয়া পথৰ পৰিৱেশ উত্তাল কৰি তোলে। সেই সময়ত সমদলকাৰীসকলে বিধেয়ক অাৰু বাংলাদেশী বিৰোধী কেতবোৰ শ্লগান দিয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টী দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অাৰু বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অধিক উত্তাল হৈ পৰে ।