গুৱাহাটী, সংবাদ৩৬৫, ৮ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিল আছুৰ লগতে জনগোষ্ঠীয় ২৮টাকৈ সংগঠন। দিশপুৰৰ ৰাজপথ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদী কণ্ঠৰে উত্তাল কৰি তুলে আছুৰ লগতে জনগোষ্ঠীয় ২৮টাকৈ সংগঠনে। মিচিং, তিৱা, ৰাভা, আদিৱাসী, গৰিয়া মৰিয়া, কাৰ্বিকে ধৰি জাতি-জনগোষ্ঠীৰ যুৱক-যুৱতী একত্ৰিত হৈ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিলে কেন্দ্ৰই জাপি দিব বিছৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনক। দিশপুৰ প্ৰেছ ক্লাৱৰ পৰা এক বৃহৎ সমদল উলিয়াই জনতা ভৱনলৈ যাত্ৰা কৰে প্ৰতিবাদকাৰীয়ে। সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যহত থকাৰ মাজতে আজি আছু নেতৃত্বত ২৮টাকৈ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা বিজেপি চৰকাৰক প্ৰতিবাদীৰ চৰম সকীয়ানি অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল নকৰিলে প্ৰতিবাদ আৰু অধিক তীব্ৰ কৰা হ’ব।