গুৱাহাটী, সংবাদ ৩৬৫, ৯ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দিল্লীৰ সাংসদ ভৱনৰ সমীপত উলংগ হৈ বীৰদৰ্পে প্ৰতিবাদ কৰা প্ৰতিটো সংগঠনৰ নেতৃত্বৰ লগতে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় নেতা মনোৰঞ্জন বৰাক সংগঠনটোৰ প্ৰায় শতাধিক সদস্যই লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰত ফুলৰথোপা, ফুলাম গামোছাৰে সম্বধৰ্না জনায়।লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে সংগঠনটোৱে। বিধেয়কখনৰ সপক্ষে প্ৰধানমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা স্থিতিত ক্ষুব্ধ হৈ ৰাজ্যখনৰ ৭০ টা দল সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰামৰ সতে সহমত প্ৰকাশ কৰি অসমীয়া জাতি – ভাষা তথা ভাৰতীয় সংবিধানৰ পৰিপন্থী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বাতিলৰ দাবীত বিধেয়কখনৰ প্ৰতিলিপিও দাহ কৰে। ঐক্য সেনা অসমৰ মুখ্য সম্পাদক শ্বহিদুল ইছলাম, মুখ্য মুখপাত্ৰ কমল কুমাৰৰ, উপসভাপতি স্বপ্না গগৈ, মহানগৰ সমিতিৰ সম্পাদক জিতুৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি এই বিবৃতিত উল্লেখ কৰি এই ক্ষেত্ৰত প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে।একেদৰে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আঁভুৱা-ভৰা নীতি গ্ৰহণ কৰা বুলি কঠোৰ সমালোচনা কৰে ঐক্য সেনা অসমে।