পলাশবাৰী

২৯ আগষ্ট

আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বানক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। জানুৱাৰীৰ পুৰ্বে যদি কোনোৱে প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনালৈ আহে তেন্তে তেওঁ প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিলে ৰঞ্জিত দাসে।

২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত ৭ মাহতকৈও অধিক সময় আছে যদিও পলাশবাৰীত সমষ্টিত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। আগন্তুক নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা কমলা কলিতাই নিজ সমষ্টি ছয়গাঁও এৰি পলাশবাৰীত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। পলাশবাৰীত কমলা কলিতাৰ নিৰ্বাচনী কুচকাৱাজ লৈ পলাশবাৰীত বিজেপিৰ দলীয় কৰ্মীসকলে অসন্তুষ্টি ব্যক্ত কৰি কমলা কলিতা গ’ বেক ধব্বনি দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সন্মুখত। অগপ নেতাগৰাকীয়ে পলাশবাৰীত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ সন্দৰ্ভত ৰঞ্জিত দাসে কয় বৰ্তমানৰ বিজেপি বিধায়ক থকাৰ পিছত এনেকুৱা কথা কোনো কৰ্তৃত্বহীন ব্যক্তিয়ে প্ৰচাৰ কৰাটো শোভা নাপাই যিহেতুকে বিজেপিৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু অগপৰ কেন্দ্ৰীয় সমিতিৰ মাজত কোনো আলোচনা হোৱাই নাই। আনহাতে আগন্তুক নিৰ্বাচনত কেনে প্ৰক্ৰিয়াৰে প্ৰাৰ্থীত্ব প্ৰদান কৰিব এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে এতিয়ালৈকে প্ৰাৰ্থীত্ব সন্দৰ্ভত দলত কোনো ধৰণৰ আলোচনা হোৱা নাই। সেয়েহে অহা জানুৱাৰীৰ আগতে কোনোৱে যদি প্ৰাৰ্থীত্ব কেন্দ্ৰীক আলোচনা কৰিব আহে তেন্তে তেওঁ প্ৰাৰ্থীত্ব নোপোৱাতো নিশ্চিত বুলি মন্তব্য কৰে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। লগতে কংগ্ৰেছে যি মহাজোট বন্ধনৰ কথা প্ৰচাৰ কৰি আছে ইয়াক ৰাজ্যিক বিজেপিয়ে আদৰণী জনাইছে আৰু অসমত যেতিয়ালৈকে স্বাভিমানি অসমীয়াসকল আছে তেতিয়ালৈকে কংগ্ৰেছৰ এনেকুৱাধৰন মহাজোটে বিজেপিক ক্ষতি কৰাৰ বিপৰীতে বৰঞ্চ লাভ হে কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

পলাশবাৰী সমষ্টিৰ বিজেপি কৰ্মী তথা দক্ষিণ কামৰূপ জিলাৰ কৃষাণ মৰ্চাৰ সভাপতি কমল দাসৰ বিয়োগত দেওবাৰে পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিবলৈ আহি সাংবাদিকৰ আগত এইসমুহ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।