বঙাইগাঁও, সংবাদ ৩৬৫, ৯ আগষ্ট: এটা জৰাজীৰ্ণ পথে ৰাইজৰ যাতায়তৰ যোগাযোগৰ বাবে দুৰ্ভোগ কঢ়িয়াই আনিছে। অৰ্ধলক্ষ্যধিক লোকৰ যাতায়তৰ একমাত্ৰ ব্যৱস্থা এই জৰাজীৰ্ণ পথচোৱা। তথাপিও কানসাৰ নাই জনপ্ৰতিনিধিৰ। কিন্তু বিভাগীয় গড়কাপ্তানী বিষয়াৰ এই পথটো এজনী খীৰতী গাই। এই জৰাজীৰ্ণ পথচোৱা বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ২নং জামদহাত অৱস্থিত। এই পথচোৱাই ৰাইজক যমৰ যাতনা ভোগাইছে। ৫নং, ৪নং, ৩নং অৰু ২নং জামদহাৰ বৃহত্তৰ অঞ্চলৰ অৰ্ধলক্ষ্যধিক লোকৰ যাতায়তৰ একমাত্ৰ ৰাস্তাটো এতিয়া যোগাযোগ বিছিন্ন হৈ পৰিছে। বছৰে বছৰে এই জৰাজীৰ্ণ পথচোৱা মেৰামতিৰ নামত পইচা আহে যদিও একেবাৰে নূন্যতম মানদণ্ডৰ কাম কৰা হয়। যাৰ বাবে বছৰে বছৰে এই জৰাজীৰ্ণ পথটো ছিঙি ৰাইজে দুৰ্ভোগ ভুগিব লগীয়া হয়। বিগত বছৰৰ ২০১৬-১৭ বৰ্ষত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বনোৱা হৈছিল যদিও যোৱা বছৰ বানে এই পথটোৰ এটা অংশ ছিঙি লৈ যায় আৰু পথটোৰ ওপৰত সমুদ্ৰ সদৃশ গাতৰ সৃষ্টি হয়। পথটো মেৰামতিৰ বাবে স্থানীয় বিধায়ক তথা জন প্ৰতিনিধিক স্থানীয় ৰাইজে অনুৰোধ জনাইছিল যদিও কানসাৰ নাই এই সকল বিষয়াৰ। পাচত ৰাইজৰ গাঁঠিৰ ধন ভাঙি পথটো ছিঙা অংশত এখন বাঁহৰ সাঁকো নিৰ্মান কৰি কোনোমতে যাতায়তৰ ব্যৱস্থা কৰি লয়। বাৰীষাত পানীৰ প্ৰবল সোঁতে ৰাস্তাটো ছিঙি পেলায়, গতিকে এই ছিঙা অংশত এখন পকী দলং নিৰ্মান হলেহে সমস্যাৰ সমাধান হব বুলি ৰাইজে মত প্ৰকাশ কৰে। ২নং জামদহা অঞ্চলৰ ৰাইজে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন পকী দলং আবন্টন দিবলৈ কৰযোৰে অনুৰোধ কৰে।