নিউজ ডেস্ক

১৭ এপ্ৰিল

ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰধান তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে লাভ কৰিলে জামিন। পশু খাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা। শনিবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰে।

দীৰ্ঘদিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিব বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। পশু খাদ্য কেলেংকাৰীত অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰকীয়ে অৱশেষত জামিন লাভ কৰিলে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰে। দুমকা কোষাগাৰৰ পৰা ৩.১৩ কোটি টকা উলিওৱা নিয়া গোচৰ সংক্ৰান্তত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে। পশু খাদ্য কেলেংকাৰী সন্দৰ্ভত থকা অন্যান্য গোচৰ সমূহৰ পৰা পূৰ্বেই জামিন লাভ কৰিছিল লালু প্ৰসাদ যাদৱে।

উল্লেখ্য যে পশু খাদ্য কেলেংকাৰীত অভিযুক্ত লালু প্ৰসাদ যাদৱক ৭ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হৈছিল। ৭ বছৰৰ কাৰাবাসৰ ভিতৰত ইতিমধ্যে লালু প্ৰসাদ যাদৱ ৪২ মাহ ১১ দিনৰ কাৰাবাসত আছিল।