গুৱাহাটী
১৬ আগষ্ট

দেওবাৰে মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ দিনজোৰা বিশেষ অভিযান। জালুকবাৰী আৰু মালিগাঁৱৰ বিভিন্ন অঞ্চলত অভিযান চলাই জালুকবাৰী আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। আৰক্ষীৰ মষ্ট ৱান্টেড তালিকাত নাম থকা আঠজনকৈ অপৰাধীক আটক কৰিলে জালুকবাৰী আৰক্ষীয়ে।

দেওবাৰে জালুকবাৰী আৰক্ষীৰ এটা দলে জালুকবাৰী আৰু মালিগাঁৱৰ বিভিন্ন অঞ্চলত দিনজোৰা এক বিশেষ অভিযান চলাই আঠজনকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। জালুকবাৰী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত দেওবাৰে পুৱাৰে পৰা জালুকবাৰী আৰু মালিগাঁৱত নামি পৰে ড্ৰাগছ বিৰোধী অভিযানত। অভিযানৰ অন্তত জালুকবাৰী আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ, নগদ ১৮ হাজাৰ ধন, দুখন চাৰিচকীয়া বাহন, চাৰিখন দুচকীয়া বাহন, ১০ টা মোবাই ফোন আৰু বহু অপত্তিজনক সমগ্ৰীসহ আঠজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক জালত পেলাবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে ক্ৰমে অভিজিৎ দাস, জিতেন দাস, দ্বীপ কলিতা, ৰেকিব আলী, প্ৰণৱ দাস, বিকি দাস, সুচাংক মদগোল্ল আৰু জিটু কুমাৰ দাস। আৰক্ষীয়ে জব্দ কৰা এছ-০১-ডি এন-০৫১৬ নম্বৰৰ চাৰিচকীয়া বাহনখনতে উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ সামগ্ৰীখিনি। জব্দকৃত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ হৈছে বিজেপিৰ প্ৰতীক চিহ্ন যুক্ত সামগ্ৰীও।

জালুকবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা এই আঠজন ড্ৰাগছ ব্যৱসায়ীৰ মহানগৰ আৰক্ষীৰ মষ্ট ৱাণ্টেড তালিকাতো নাম আছিল বুলি জানিব পৰা গৈছে। ধৃত এই আঠজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আহিছিল।