বাক্সা

২ ছেপ্টেম্বৰ

জনপ্ৰিয় ইউ টিউবাৰ তেলচুৰাৰ জীতেন মাষ্টৰ আৰু নাই। বাক্সা জিলাৰ তামুলপুৰৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাই চিৰ দিনৰ বাবে আঁতৰি গ’ল জীতেন মাষ্টৰ।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সৌৰাগুৰী নিবাসী পৰেশ ৰাজবংশী আৰু নীলিমা ৰাজবংশীৰ জেষ্ঠ্য পুত্ৰ, জনপ্ৰিয় ইউ টিউৱ চেনেল ভইচ আছামৰ ”তেলচুৰা” ৰ স্ক্ৰীপ্ট ৰাইটাৰ, অভিনেতা, পৰিচালক জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ মঙলবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে। গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত মঙলবাৰে প্ৰায় ১১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী প্ৰতিভাসম্পন্ন অভিনেতা গৰাকীয়ে। মৃত্যুৰ সময়ত জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ বয়স আছিল ২৬ বছৰ। মঙলবাৰে নিশাই জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ মৃতদেহ লৈ অনা হয় সৌৰাগুৰীস্থিত নিজ বাসগৃহলৈ।জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ মৃত্যুৰ বাতৰিয়ে তামুলপুৰ মহকুমাৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী এগৰাকী শিল্পী হোৱাৰ উপৰিও স্নাতক ডিগ্ৰীধাৰী এগৰাকী টেট শিক্ষকো আছিল। জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল আৰু আত্মীয় সকলৰ লগতে ভয়চ আছামৰ শিল্পী সকল। বুধবাৰে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় যুৱ শিল্পী গৰাকীক। জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ মৃত্যুত তামুলপুৰৰ লগতে সমগ্ৰ অসমৰ শিল্পী সমাজৰ ব্যাপক ক্ষতি হিচাপে পৰিগণিত হৈছে। জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীৰ মৃত্যুৰ শোকত কান্দোনত ভাঙি পৰিছে ‘তেলচুৰা” গ্ৰুপৰ শিশু শিল্পী কৰণ ডেকা, সাগৰিকা ৰাজবংশীসহ শিল্পীসকল।

উল্লেখযোগ্য যে জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী পেঙ্ক্ৰিয়াইটিছত কৰ্কট ৰোগত আক্ৰান্ত হৈ অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ চেন্নাইৰ পৰা উভতি আহিছিল। মঙলবাৰে পুৱা জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আৰু নিশাই শিল্পী গৰাকীয়ে ইহসংসাৰ ত্যাগ কৰে। মৃত্যুৰ সময়ত পিতৃ-মাতৃসহ এগৰাকী ভাতৃ আৰু অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায় শিল্পী গৰাকীয়ে।