গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জানুৱাৰী : মহানগৰীৰ ৱায়াৰলেছত বৃহস্পতিবাৰে সংঘটিত হোৱা এক ভয়াবহ অগ্নিকাণ্ডত দুটিনকনমাই শিশুৱে কৰুণ মৃত্যুক সাৱটি লগা হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ঈশান আৰু ইবন।

বৃহস্পতিবাৰে দুপৰীয়াৰ মহানগৰী গুৱাহাটীৰ ৱায়াৰলেছত থকা তুষাৰ গোস্বামী নামৰ লোকজনৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ঈশান গোস্বামী আৰু ইবন গোস্বামী নামৰ ৫ আৰু ৭ বছৰীয়া দুটি শিশুৱে। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত তুষাৰ গোস্বামীৰ বাসগৃহটো জুইৰ লেলিহান শিখাই আৱৰি ধৰাৰ ঘৰৰ ভিতৰত থকা শিশু দুটা অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিব লগা হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত শিশু দুটিৰ পিতৃ-মাতৃ ঘৰত নাছিল আৰু শিশু দুটি জুইৰ লেলিহান শিখাই আৱৰি ধৰা ঘৰটোৰ পৰা ওলাই আহিবলৈ সক্ষম নোহোৱাৰ ঘৰৰ ভিতৰতে শিশু দুটিয়ে কৰুণ মৃত্যুক সাৱটি লয়। নিহত ঈশান আৰু ইবন মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ছাত্ৰ আছিল। আজি ইবনৰ জন্মদিন উপলক্ষে পিতৃ-মাতৃয়ে ইবনক ভাতৃ ঈশান লগত ঘৰতে থৈ বজাৰলৈ ওলাই গৈছিল। শ্বট চাৰ্কিটৰ ফলত তুষাৰ গোস্বামীৰ বাসগৃহৰ ওপৰৰ মহলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু এই অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়াবহ হৈ পৰে। ঘৰৰ ওপৰৰ মহলত থকা ঈশান আৰু ইবনৰ আইতা অগ্নিকাণ্ডৰ সময়ত তলৰ মহলত আছিল।

অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয় যদিও শিশু দুটাই এটাই আনটোক সাৱটি মৃত অৱস্থাত ছাইৰ মাজত উদ্ধাৰ হয় দুই ভাতৃ ঈশান আৰু ইবন। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰি সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।