নগাঁও, সংবাদ ৩৬৫, ২০ মে’ : নগাঁও জিলাৰ জুৰীয়াত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। ৰান্ধনীঘৰত ব্যস্ত থকা সময়ত দুৰ্বৃত্ত‌ই ঘৰত প্ৰৱেশ কৰি ডিঙি কাটি হত্যা কৰিলে গৰ্ভৱতী মহিলাক।

বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সন্ত্ৰস অব্যাহত থকাৰ বাবে সমগ্ৰহ দেশতে চলি আছে চতুৰ্থ পৰ্যায়ৰ লক ডাউন। মহাসংকটৰ এই সময়তে নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহতেই জুৰীয়াৰ অতি দুৰ্গম চৰাঞ্চল হিচাপে পৰিচিত লাঠিমাৰী চৰত এগৰাকী সন্তান সম্ভৱা মহিলাক বুধবাৰে পুৱতি নিশা দুৰ্বৃত্ত‌ই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে। ৰমিচা খাতুন নামৰ মহিলা গৰাকীয়ে ৰমজান মাহ উপলক্ষে পুৱতি নিশা চেহেৰীৰ বাবে খাদ্য তৈয়াৰ কৰাৰ বাবে ৰান্ধনী ঘৰত ব্যস্ত থকা সময়তে দুৰ্বৃত্ত‌ই ঘৰত প্ৰৱেশ কৰি মহিলা গৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। আঘাতপ্ৰাপ্ত মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত শুই থকা স্বামী ৰফিকুল ইছলাম পত্নীৰ ওচৰলৈ ঢপলিয়াই যায় যদিও গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকীৰ কিছু সময়ৰ পিছতেই মৃত্যু হয়।

এটি দুবছৰীয়া সন্তানৰ মাতৃ তথা নমহীয়া সন্তান সম্ভৱা ৰমিচা খাতুনক কোনে কি কাৰণত এইদৰে নৃশংস ভাবে হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। জুৰীয়াৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।