কলগাছিয়া, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে কলগাছিয়া আৰক্ষী। জুৱা, মদ আৰু ভাংৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছত শুকুৰবাৰে আবেলি কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই তিনিজন তীৰ খেলৰ এজেণ্টক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰায় আৰু বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতিম বিশ্বাসৰ সহযোগত বালাগাঁও-ক্ষুদ্ৰকুছি নতুন বজাৰত অভিযান চলাই হাসমত আলি (বালাগাওঁ), আনোৱাৰ হুছেইন (খুদ্ৰকুচি) আৰু দেলোৱাৰ হুছেইন (বালাৰপথাৰ) নামৰ তিনি তীৰৰ এজেণ্টক তীৰৰ টিকটসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আৰক্ষীয়ে তীৰ খেল চলোৱা মালিকৰ তথ্য থকাৰ পিছতো এই মালিক সকলক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে সদায় এজেণ্টক গ্ৰেপ্তাৰ কৰি আছে বুলি ৰাইজৰ মাজত চৰ্চা হৈ আছে।
