গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মে’ : জু-ৰোডৰ বিস্ফোৰণকাণ্ডৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অৰ্থাৎ এন আই এই। আজিয়েই এন আই এই গোচৰ ৰুজু কৰাৰ সম্ভাৱনা। ঘটনাস্থলী পৰিদৰ্শন কৰিব এন আই এৰ বিষয়াই । পূৰ্বেও আলফাৰ কূটাঘাতৰ বহুকেইটা গোচৰ ৰুজু কৰিছিল এন আই এই।

উল্লেখযোগ্য যে ৰাজ্যৰ লগতে মহানগৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উখল-মাখল পৰিৱেশেৰ মাজতে বুধবাৰে মহানগৰীৰ জু-ৰোডৰ চেণ্ট্ৰেল ম’লৰ সন্মুখত হয় এক গ্ৰেনেড বিস্ফোৰণ। আৰক্ষীৰ নিয়মীয়া তালাচী চলি থকাৰ সময়তে দুৰ্বৃত্তই আৰক্ষীলৈ নিক্ষেপ কৰে গ্ৰেনেড ।

বিস্ফোৰণৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে বিস্ফোৰণক কঠোৰ ভাষাৰে গৰিহণা দি অচিৰেই দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্রধানক নিৰ্দেশ দিয়ে।