যতীন নাথ
মাজবাট
১৪ আগষ্ট

জেলৰ কোৱাৰেন্টাইন কক্ষৰ পৰা পলায়ন চাৰিজনকৈ গভাইত চোৰৰ। বৰষুণৰ সুযোগ লৈ জেল কৰ্তৃপক্ষৰ চকুত ধূলি দি পলায়ন কৰে চোৰ কেইজন। জেল কৰ্তৃপক্ষৰ লাগিল হাহাকাৰ।

ওদালগুৰি জিলা কাৰাগাৰৰ কোৱাৰেন্টাইন কক্ষৰ পৰা বৃহস্পতিবাৰে নিশা চাৰিজন গভাইত চোৰ একেলগে পলায়ন কৰাকলৈ হাহাকাৰ লাগিছে জেল কৰ্তৃপক্ষৰ। জানিব পৰা মতে ওদালগুৰি অঞ্চলত বৃহস্পতিবাৰে নিশাৰ অহা ধাৰাসাৰ বৰষুণ সুযোগ লৈ জেল কৰ্তৃপক্ষৰ চকুত ধূলি দি জেলৰ পৰা পলায়ন কৰে চাৰিজনকৈ গভাইত চোৰ। জেলৰ পৰা পলায়ন কৰা চোৰ কেইজন হৈছে মহম্মদ হাজিমুদ্দিন, মহম্মদ কাজিমুদ্দিন, মফিদুল ইছলাম আৰু কুদ্দুছ আলী। উল্লেখ্য যে যোৱা ১৮ জুলাই তাৰিখে হাজিমুদ্দিন আৰু কাজিমুদ্দিনক ওৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুৰি গোচৰত আৰু ২৩ জুলাই তাৰিখে মফিদুল আৰু কুদ্দুছক চুৰি গোচৰত গ্ৰেপ্তাৰ কৰিছিল ওদালগুৰি আৰক্ষীয়ে।

আৰক্ষীয়ে জেলৰ পৰা পলায়ন কৰা গভাইত চোৰ চাৰিজনক পুণৰ গ্ৰেপ্তাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।