ছয়গাঁও
২৯ আগষ্ট

ছয়গাঁও আৰক্ষীয়ে শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰিলে জয়ন্ত কলিতাৰ হত্যাকাৰীক। শুকুৰবাৰৰ পৰা আত্মগোপন কৰি থকা কৰুণা দাসক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। জয়ন্ত কলিতাক শুকুৰবাৰে দাৰে ঘপিয়াই হত্যা কৰিছিল কৰুণা দাসে।

শনিবাৰে পুৱাৰ ভাগত ছয়গাঁও আৰক্ষীয়ে বিশেষ অভিযান চলাই জয়ন্ত কলিতাৰ হত্যাকাৰী কৰুণা দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে শুকুৰবাৰে ১ নং বালাসিদ্ধি গাঁৱৰ পথৰ ওপৰত শিমলুবাৰীৰ জয়ন্ত কলিতা নামৰ এজন লোকজনক দাৰে ঘপিয়াই হত্যা কৰিছিল কৰুণা দাসে। হত্যাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল কৰুণা দাস। জানিব পৰা মতে শুকুৰবাৰে দুয়োৰে মাজত পথৰ ওপৰত কিবা কাৰণক লৈ তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছিল। তৰ্ক বিতৰ্কৰ মাজতেই লগত থকা দাখনেৰে কৰুণা দাসে জয়ন্ত কলিতাক আক্ৰমণ কৰে। ঘটনাৰ সময়ত ঘটনাস্থলীত উঅস্থিত থকা কিছুমান লোকে গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত জয়ন্ত কলিতাক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে জয়ন্তক মৃত বুলি ঘোষণা কৰে৷ মৃত জয়ন্ত কলিতাৰ পত্নীৰ এজহাৰৰ ভিত্তিত শুকুৰবাৰৰ পৰা আত্মগোপন কৰি থকা কৰুণা দাসক ছয়গাঁও আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে৷

জানিব পৰামতে কৰুণা দাস আৰু জয়ন্ত কলিতা চোৰাং কাঠৰ ব্যৱসায়ৰ লগত জড়িত। কাঠৰ ব্যৱসায়ীক সক্ৰান্তীয় কাৰণৰ বাবেই দুয়োৰ মাজত কাজিয়াৰ সুত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ আনহাতে উক্ত হত্যাকাণ্ডৰ লগত আন দুজন লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷