কলগাছিয়া

১১ ছেপ্টেম্বৰ

জনীয়া সমষ্টিৰ কলগাছিয়াৰ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। বিগত ১০ বছৰে মেৰামতি হোৱা নাই পথটো। কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু গড়কাপ্তানী বিভাগ। পথটো মেৰামতি কৰি দিয়াৰ বাবে চৰকাৰক অনুৰোধ স্থানীয় ৰাইজক।

ৰাজ্যৰ পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰখনে সৰ্বাংগীন উন্নয়নৰ ডাক-ঢোল বজাই আহিলেও প্ৰকৃততে উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দিছে জৰাজীৰ্ণ পথ সমূহে। জৰাজীৰ্ণ পথ সমূহে যাতায়তৰ ক্ষেত্ৰত বৰকৈ জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথ সমূহৰ জৰাজীৰ্ণ অৱস্থাৰ এক বাস্তৱ ৰূপে হৈছে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ গুনীয়ালগুৰিৰ পৰা দাবন্দীয়া হৈ বালাগাঁও বজাৰলৈ যোৱা পথটো। উক্ত পথটো বিগত প্ৰায় ১০ বছৰ ধৰি জৰাজীৰ্ণ পুখুৰীসদৃশ হৈ আছে যদিও আজিকোপতি মেৰামতি বা পুনৰ নিৰ্মান কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হ’ব লগা হৈছে যথেষ্ট অসুবিধাৰ। গুনীয়ালগুৰিৰ পৰা বালাগাঁও বজাৰ অভিমুখী সংযোগী একমাত্ৰ পথটো বিগত ১০ বছৰে মেৰামতি নকৰাত এজাক বৰষুণতে পথটোত জমা হয় একআঁঠু পৰ্যন্ত পানী, ফলত স্থানীয় ৰাইজ আৰু স্কুলীয়া ছাত্র-ছাত্ৰী সকলে যাতায়তৰ ক্ষেত্ৰত বহু অসুবিদাৰ সন্মুখীন হ’ব লগীয়া হৈছে। যাতায়তৰ সমস্যাৰ লগতে পথটোৰ এই জৰাজীৰ্ণ অৱস্থাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ মানুহৰ মৃত্যুও হোৱা পৰিলক্ষিত হৈছে।

প্ৰতিদিনে হাজাৰ হাজাৰ লোকে অহা-যোৱা কৰা গুনীয়ালগুৰিৰ পৰা দাবন্দীয়া হৈ বালাগাঁও বজাৰলৈ যোৱা পথটো মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ ৰাইজে বৰপেটাৰ সাংসদ আব্দুল খালেক, স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু স্থানীয় প্ৰতিনিধিক কেইবাবাৰো অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈকে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গৰকাপ্তানী বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। জৰাজীৰ্ণ পথটোৰ বাবে জমৰ-যাতনাত ভুগিব থকা ৰাইজে চৰকাৰক পুনৰবাৰ পথটো মেৰামতি কৰাৰ বাবে আহ্বান জনাইছে।