গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ: দেওবাৰে নাৰীদিৱসৰ প্ৰাকক্ষণত খেলজগতৰ পৰা অসমবাসীৰ বাবে সু-খবৰ কঢ়িয়াই আনিলে লাভলীনা বুঢ়াগোহাঁইয়ে। টকিঅ’ অলিম্পিকত ভাৰতবর্ষক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিলে অসমৰ জীয়ৰী লাভলীনাই।

জৰ্দানৰ ৰাজধানী আমানত অনুষ্ঠিত হোৱা এছিয়ান জ’ন অলিম্পিক কোৱালিফায়াৰ্ছৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মেলিভাক পৰাজয় কৰি ২০২০ টকিঅ’ অলিম্পিক খেলাৰ যোগ্যতা অর্জন কৰিলে অসমৰ বক্সাৰ লাভলীনা বুঢ়াগোহাঁই। অলিম্পিকলৈ যোগ্যতা অর্জন কৰা লাভলীনা হৈছে অসমৰ পঞ্চমগৰাকী খেলুৱৈৰ লগতে দেশৰ তৃতীয় গৰাকী বক্সাৰ।

লাভলীনাৰ বুঢ়াগোহাঁইৰ লগতে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা বক্সাৰ বিকাশ কৃষ্ণন আৰু পূজা ৰাণীয়েও নিজ নিজ শাখাত জয়লাভ কৰি টকিঅ’ অলিম্পিকত টিকট সু-নিশ্চিত কৰিছে।