মুম্বাই 

২৪ মে’

সমগ্ৰ ভাৰতত ক’ভিড ভাইৰাছৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ সমূহে ঘোষণা কৰা লকডাউন আৰু বাধ্যতামূলক নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত, ভাৰতৰ বৃহত্তম ব্যৱসায়িক বাহন নিৰ্মাতা টাটা মটৰছে অহা ১ এপ্ৰিল ২০২১ ৰ পৰা ৩০ জুন ২০২১ ৰ ভিতৰত শেষ হ’ব লগীয়া ব্যৱসায়িক বাহনৰ ৱাৰেণ্টি আৰু বিনামূলীয়া সেৱাৰ সময়সীমা বৃদ্ধিৰ কথা ঘোষণা কৰে। এমাহ লৈ বৃদ্ধি কৰা এই সময়সীমা সমগ্ৰ দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ’ব।

টাটা মটৰছে ইয়াৰ গ্ৰাহক, চেনেল অংশীদাৰ আৰু সমগ্ৰ সমাজৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে। কোম্পানীয়ে এই কঠিন সময়ত গ্ৰাহক সকলক মসৃণ আৰু সুবিধাজনক আফটাৰ-ছেলচ্ অভিজ্ঞতা প্ৰদান কৰিবলৈ দ্বায়বদ্ধ।

ইয়াৰ উপৰিও, টাটা মটৰছে লগতে আফটাৰ ছেলচ আৰু ভেলু এডেড সেৱাৰ সময়সীমা বৃদ্ধিৰ বিষয়েও ঘোষণা কৰে, প্ৰয়োজনীয় সামগ্ৰী আৰু পণ্য দ্ৰব্যৰ মসৃণ পৰিৱহন নিশ্চিত কৰাৰ বাবে। সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত ঘোষণা কৰা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতে নিৰ্ধাৰিত বিনামূলীয়া সেৱা এমাহলৈ সময় সীমা বৃদ্ধি।

সকলো ব্যৱসায়িক বাহনৰ ৱাৰেণ্টি সময় এমাহলৈ বৃদ্ধি। বহু ৰাজ্যত চলি থকা লকডাউনৰ সময়ছোৱাত ম্যাদ উকলা সকলোৰে টাটা সুৰক্ষা এএমচিৰ সময় বৃদ্ধি। টাটা মটৰছ সুৰক্ষাৰ অধীনত সকলো সক্ৰিয় চুক্তি ৰ এমাহলৈ ম্যাদ বৃদ্ধি।

এএমচি সুৰক্ষা উপভোগ কৰিবলৈ এমাহ বৃদ্ধি। টাটা মটৰছ হেল্পলাইন, টাটা চাপোৰ্ট – ১৮০০ ২০৯ ৭৯৭৯, নিয়মীয়াকৈ গ্ৰাহকৰ সেৱাৰ বাবে সক্ৰিয় হৈ আছে, ব্যৱসায়িক বাহনৰ বাবে প্ৰয়োজন হ’ব পৰা আফটা-ছেলচৰ সহায় আগবঢ়াবলৈ।