শিৱসাগৰ

২৫ আগষ্ট 

বিশ্বৰ সবাতোকৈ উচ্চতম শৃংগ এভাৰেষ্ট শৃংগ আৰোহণ কৰা অসম সন্তান নৱ ফুকনে টেঞ্জিং নৰকে দু:সাহসী বঁটা ২০২০ বাবে মনোনীত হোৱা ব্যক্তিজন ভুৱা বুলি এক ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। হাৰিয়ানাৰ নৰেন্দ্ৰ সিঙ নামৰ ব্যক্তি জনলৈ আগবঢ়োৱা এই বঁটাৰ বাবে নৰেন্দ্ৰ সিঙ প্রকৃতার্থত যোগ্য নহয় বুলি দাবী উত্থাপন কৰিছে নৱ ফুকনে।

শিৱসাগৰ জিলাৰ চেপনৰ শান্তিবন পথৰ নিৱাসী গদেশ্বৰ ফুকন আৰু ভোগেশ্বৰী ফুকনৰ পুত্ৰ নৱ ফুকনে ২০১৬ বর্ষত মাউন্ট এভাৰেষ্ট শৃংগ বিজয়ী সকলৰ মাজত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। ১৪ জনীয়া এটা পর্বতাৰোহী দলৰ দলপতি হিচাপে যোগদান কৰি সম্পূৰ্ণ ৪৬ দিনৰ মূৰত নৱ ফুকনে এভাৰেষ্ট শৃংগত গৈ থিয় হ’বলৈ সক্ষম হৈছিল। এই ১৪ জনীয়া দলটোত ভাৰতৰ লগতে চীন, কানাডা, ইৰাণ, পেৰু আৰু কোৰিয়াৰ পর্তাৰোহীয়েও অংশগ্ৰহণ কৰিছিল। এই ১৪ জনীয়া দলৰ তালিকাত থকা শেষৰ ব্যক্তিজনক টেঞ্জিং নৰকে দু:সাহসী বঁটা ২০২০ ৰ মনোনীত কৰাক লৈ এতিয়া এক আজৱ ঘটনা পোহৰলৈ আনিছে এভাৰেষ্ট বিজয়ী নৱ ফুকনে। উল্লেখ যে, হাৰিয়ানাৰ নৰেন্দ্ৰ সিঙ নামৰ ব্যক্তি জনলৈ আগবঢ়োৱা এই বঁটাৰ বাবে নৰেন্দ্ৰ সিঙ প্রকৃতার্থত যোগ্য নহয় বুলি দাবী উত্থাপন কৰিছে নৱ ফুকনে। অহা ২৯ আগষ্টত ৰাষ্ট্রীয় ক্রীয়া দিৱসত দেশৰ ৰাষ্ট্রপতি মহোদয়ৰ পৰা বঁটা লাভ কৰিবলৈ সাজু হোৱা নৰেন্দ্র সিঙে সম্পূৰ্ণ মিছা ফটো আৰু মিছা তথ্যৰে এনে সন্মানীয় বঁটা লাভ কৰিবলৈ উলাইছে বুলিও অভিযোগ আনিছে নৱ ফুকনে। ২০১৬ বর্ষত নৱ ফুকনৰ দলটোত নৰেন্দ্ৰ সিঙ আছিল যদিও অক্সিজেনৰ অভাৱত অসুস্থ হৈ পৰাত গন্তব্য স্থানৰ পৰা বহু হাজাৰ ফুট নিলগতে যাত্ৰা সামৰিছিল নৰেন্দ্ৰ সিঙে বুলিও জানিবলৈ দিয়ে নৱ ফুকনে।

উল্লেখ যে, ২০১৬ বর্ষত নৱ ফুকনৰ ১৪ জনীয়া দলটোৱে ৰঙা ৰঙৰ পোছাক পৰিধান কৰিছিল আনহাতে লেপাৰ এখন বাতৰি কাকতত নৰেন্দ্ৰ সিঙে সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰি থকা ফটো প্রকাশ পাইছে। এনে পৰিস্থিতিত এই বিষয়ক চৰকাৰে গুৰুত্ব সহকাৰে লৈ উচিত তদন্ত কৰাৰ লগতে যোগ্য জনক বঁটা প্ৰদান কৰি নৰেন্দ্ৰ সিঙৰ দৰে ভুৱা ব্যক্তিক এনে স্বৃকীতি দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে নৱ ফুকনে।