আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১১ জানুৱাৰী

ডঃ ৰঞ্জনা দাসলৈ সতী ৰাধিকা বঁটা। শিৱসাগৰত ডঃ ৰঞ্জনা দাসলৈ প্রদান কৰা হয় সতী ৰাধিকা বঁটা। শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাই প্ৰদান কৰে এই বঁটা।

শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২০ বৰ্ষৰ বাবে সতী ৰাধিকা বঁটা প্ৰদান কৰা হয় আন্তঃ ৰাষ্ট্ৰীয় বিজ্ঞানী ডঃ ৰঞ্জনা দাসক। শিৱসাগৰ নিবাসী ডঃ ৰঞ্জনা দাসৰ বৰ্তমানলৈকে এশৰো অধিক গৱেষণা পত্ৰ প্রকাশ হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অৱসৰপ্ৰাপ্ত সঞ্চালিকা ডঃ ৰঞ্জনা দাসক বঁটা প্ৰদান কৰা অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেটা অনুষ্ঠানতে জিলাখনৰ ৩০ গৰাকী মহিলাক সতী ৰাধিকা আদৰ্শ বঁটা প্ৰদান কৰা হয়।