ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২৪ নৱেম্বৰ: ডিগবৈস্থিত ৬৮নং বেটেলিয়ন চি.আৰ. পি.এফৰ দ্বাৰা অনুষ্ঠিত এক ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু শনিবাৰে ডিগবৈ মুলীয়াবাৰী খেলপথাৰত চুড়ান্ত খেলখন সম্পন্ন হয়। চূড়ান্ত খেলখনত ডিগবৈ পানবাৰী ফুটবল ক্লাবে মাৰ্ঘেৰিতা ফুটবল ক্লাবক চাডেন ডেথ পদ্ধতিৰে ৭-৬ গলৰ ব্যৱধানত পৰাস্ত কৰে। মুঠ ৬টা দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ শনিবাৰে বিজয়ী আৰু বিজিত দলক নগদ ধন, ফুটবল খেল সামগ্ৰী বিতৰণ কৰা হয়। বঁটা বিতৰনী অনুষ্ঠানত ৬৮নং বেটেলিয়ন চি.আৰ. পি.এফৰ দ্বিতীয় অধিনায়ক সতিশ কুমাৰ মল্লিক, ডিগবৈ আৰক্ষীৰ থানা ভাৰপ্ৰাপ্ত বিষয়া মহেশ চন্দ্ৰ বৰাকে আদি কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।