ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৩১ জানুৱাৰী: মে-দাম-মেফি হ’ল টাই – আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা৷ অতীতৰ পৰম্পৰা ৰক্ষা কৰিয়ে বিগত বছৰৰ দৰে সমগ্ৰ দেশৰ লগতে ডিগবৈটো মে-দাম-মেফি পালন কৰে ডিগবৈ স্থানীয় টাই আহোম সম্প্ৰদায়ৰ লোক সকলে। দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্য্যসূচীত পতাকা উত্তোলন, সাজ-সজুৰ প্ৰতিযোগিতাৰ লগতে পুৱাৰ ভাগতে পূৰ্ব পুৰুষসকলৰ আত্মাৰ শান্তিৰ লগতে দেশৰ তথা জাতিৰ দেশবাসীৰ শান্তিৰ হকে বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই।