ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ৯ জানুৱাৰীঃ ডিগবৈ সমষ্টিতৰ অন্তৰ্গত তিনিটাকৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰে নিৰ্মাণ হবলগীয়া পথৰ আজি আধাৰশিলা স্থাপন কৰে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন।আধাৰশিলা স্থাপন কার্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সাংসদ ৰামেশ্বৰ তেলী৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মামৰণি পথটিৰ আৱন্টিত পুঁজি ২,১৪০০, ১৯০ টকা, মাকুমআলি পথৰ পৰা ২ নং টকৌৱনীলৈ যোৱা পঠটিৰ বাবে ২ কোটি ২৩ লাখ আৰু ডিগবৈ পেঙেৰী পথৰ পৰা ভিমপথাৰ গাঁৱৰ পথটিৰ আৱন্টিত পুঁজি ২,৯৪, ৭৩০০০ টকা। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথৰ উপৰিও কেন্দ্ৰ চৰকাৰৰ অটল জ্যোতি যোজনাৰ অধিনত ঔগুৰী, ১ নং অসমীয়াগাঁও, টিংৰাই তিনিআলি আৰু ২ নং টকৌৱনী গাঁৱত স্থাপন কৰা ষ্ট্ৰীট লাইটৰ শুভ উদ্বোধন কৰে বিধায়ক সুৰেণ ফুকন। ডিগবৈ সমষ্টিৰ বিধায়কে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়াৰ দৰে পৰ্যায়ক্ৰমে বাট পথবোৰ নিৰ্মাণ কৰিবলৈ লোৱাত সমষ্টিবাসী ৰাইজৰ উৎফুল্লিত হৈ পৰে। পৰ্যায়ক্ৰমে সমষ্টিৰ সকলো বাট-পথকে ধৰি পাৰ্যমানে সকলোবোৰ সমস্যা সমাধান কৰিব বুলি বিধায়ক গৰাকীয়ে আস্বাস প্ৰদান কৰে।