ডিগবৈ, সংবাদ ৩৬৫, ১৯ আগষ্ট: দীৰ্ঘদিন ধৰি তেল আৰু গেছৰ চিণ্ডিগেট চলাই অহা ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে দেওবাৰে কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ একাংশ কৰ্মী ডিগবৈ চাৰিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ উত্তাল কৰি তোলে। উল্লেখ্য যে ডিগবৈৰ গোলাইস্থিত আই অ চিৰ তেল পৰিবাহী টাৰ্মিনেলত প্ৰতিদিনেই১৫০ খন টেংকাৰ লোড হয়। একোখন টেংকাৰৰ পৰা দুশ টকাকৈ গোলাই এচচিয়েচন নামৰ এক অখ্যাত সংগঠনটোৱে প্ৰতিদিনে গুণ্ডা কৰ সংগ্ৰহ কৰে ৩০ হাজাৰ টকা আৰু মাহিলী সংগ্ৰহ হয় ৯ লাখ টকা। এই গুণ্ডা কৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল পেট্ৰলিয়াম মজদুৰ ইউনিয়নে। পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ মতে উক্ত চিণ্ডিকেটৰ নেতৃত্ব প্ৰদান কৰি আহিছে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনে। এই অভিযোগক কেন্দ্ৰ কৰি দেওবাৰে ৰাজপথলৈ ওলাই আহি কংগ্ৰেছ কৰ্মী সকলে সুৰেন ফুকনৰ প্ৰতিমূৰ্তি দাহ কৰি বিজেপি মূৰ্দাবাদ, সুৰেন ফুকন মূৰ্দাবাদ আদি বিভিন্ন শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। ইফালে কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ স্থলীৰ সমীপতে কংগ্ৰেছৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰি তোলে। বিজেপি সমৰ্থিত লোকসকলে কংগ্ৰেছ আৰু মজদুৰ ইউনিয়নে উত্থাপন কৰা উক্ত অভিযোগ নাকচ কৰি এয়া বিধায়ক সুৰেন ফুকনৰ সুনাম নষ্ট কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে৷ প্ৰতিবাদ স্থলীত দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়৷অৱশ্যে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী আহি পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়৷