ডিগবৈ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: সোমবাৰে তিনিচুকীয়া জিলাৰ জাগুন থানাৰ অন্তৰ্গত জাগুন ১০ মাইলৰ শিল কুৱৰিৰ পৰা শিল ব্যৱসায়ী বিজয় বৰাৰ মেনেজাৰ অপূৰ্ব কাকতিক কোনো দুৰ্বৃত্তই অপহৰণ কৰে। ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰোতা অপূৰ্ব। ডিগবৈ ৰামনগৰৰ নিবাসী অঞ্জন কাকতিৰ জেষ্ঠ্য পুত্ৰ অপূৰ্ব কাকতিয়ে ৰুগীয়া মাকৰ চিকিৎসাৰ হেতু মঙ্গলবাৰে গুৱাহাটীলৈ যোৱাৰ কথা আছিল। হঠাতে যেন দিশহাৰা হৈ পৰিল ডিগবৈস্থিত পৰিয়ালটোৰ। ৰুগীয়া মাক দেউতাকৰ অপহৰণকাৰীক কাতৰ অনুৰোধ যে অপূৰ্বক অতি সোনকালে মুকলি কৰি দিবৰ বাবে। আনপিনে অপূৰ্বৰ মুক্তিৰ দাবীত স্থানীয় ৰাইজে দুঘণ্টা ধৰি ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগানেৰে ডিগবৈৰ ৰাজপথ উত্তাল কৰি তোলে আৰু অপহৰণ কৰা উগ্ৰপন্থী দলক অপূৰ্ব কাকতিক বিনাচৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীয়ে।