মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, ২০ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তগত পাৱৈ ৰেলৱে ষ্টেচনৰ সমীপতৰ ৰাষ্ট্রীয় ঘাইপথত মঙলবাৰে নিশা প্ৰায় ১.৩০ বজাত এখন অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় এটা নাহৰফুটুকী বাঘৰ। জানিব পৰা মতে বাঘটোৱে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হব লওঁতেই অচিনাক্ত বাহন এখনে প্ৰচণ্ড খুন্দা মৰাত বাঘটো মৃত্যু মুখত পৰে। স্থানীয় লোকৰ লগতে ডিগবৈ আৰক্ষী আৰু মাৰ্ঘেৰিটা বন বিষয়া দুর্ঘটনাস্থলীত উপস্থিত হৈ বাঘটোক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে যদিও বাঘটোৰ মৃত্যু ঘটে। পথ দুর্ঘটনাত মৃত্যু হোৱা বাঘটোৰ বয়স প্ৰায় ২০ বছৰ আছিল বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে। মৰোণত্তৰ পৰীক্ষাৰ অন্তত ডিগবৈৰ বন বিষয়া বিপুল বৰা, মাৰ্ঘেৰিটা পূৰ্ব আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ ধ্রুৱজ্যোতি দত্ত আৰু স্থানীয় লোকৰ সহযোগত মাৰ্ঘেৰিটা পূৰ্ব আঞ্চলিক বন বিভাগৰ চৌহদত বাঘটোক জ্বলাই দিয়া হয়। স্থানীয় লোকে সন্দেহ কৰা মতে ঘন কুঁৱলীৰ বাবে এই দুর্ঘটনা সংঘটিত হয়।