ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ০৩ ডিচেম্বৰ: ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনকলৈ চৌদিশে উখল-মাখল পৰিৱেশ চলি থকাৰ সময়তে সোমবাৰে ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বগাপানী পঞ্চায়তৰ অধিনৰ বগাপানী চাহ বাগিচাৰ ১১ নং লাইনত সম্পূৰ্ণ চাহ জনগোষ্ঠীয় ৰীতি নীতিৰে ১৯ যোৰা পুৰুষ- মহিলাৰ সামুহিক বিবাহ অনুষ্ঠিত হৈ যায়। অতি নান্দনিক পৰিৱেশৰ মাজত অনুষ্ঠিত সামুহিক বিবাহথলীত অগণন ৰাইজৰ সমাবেশ ঘটে। বৰবিলৰ গাওঁবুঢ়া কৃষ্ণ মাহাত্বুৰ প্ৰচেষ্টাত অনুষ্ঠিত, বগাপানী ১১ নং লাইন খেলপথাৰত বিশাল মণ্ডপত প্ৰায় দহ হাজাৰ ৰাইজক আপ্যায়নৰ ব্যৱস্থাৰে হোৱা সামুহিক বিবাহ কাৰ্যত বিশেষভাবে সহযোগিতা আগবঢ়ায় বুদ্ধেশ্বৰ ভূমিজ, দূৰ্গা তাঁ‌তী, বিষ্ণু পুৰ্তি, সম্ভু নায়ক, দৰে মুণ্ডু, সূৰেশ তাঁ‌তী, মহেশ তাঁতী আদিয়ে ।