গুৱাহাটী
২১ আগষ্ট

মহানগৰী গুৱাহাটীত শিশুৰ ওপৰত নাহৰফুটুকী বাঘৰ আক্ৰমণ। মালিগাঁৱৰ পাহাৰত ডিঙিত ধৰি শিশুক চুচুৰাই লৈ যায় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে। স্থানীয় ৰাইজে চিঞৰ বাখৰ কৰাত শিশুটিক পেলাই পলায়ন কৰে নাহৰফুটুকী বাঘটোৱে।

মহানগৰী গুৱাহাটীত নাহৰফুটুকী বাঘৰ আক্ৰমণত নিহত হয় এটি শিশু। মালিগাঁও আদিনগিৰী পাহাৰত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে শিশু এটিক আক্ৰমণ কৰি ডিঙিত ধৰি চুচুৰাই লৈ যাবলৈ চেষ্টা কৰোতে স্থানীয় কিছুমান ৰাইজে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত শিশুটিক পেলাই নাহৰফুটুকী বাঘটো হাবিৰ মাজলৈ পলায়ন কৰে। ৰাইজে শিশুটিক উদ্ধাৰ কৰি মালিগাঁওস্থিত সঞ্জীৱনী হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। শিৱম কুমাৰ নামৰ শিশুটি ঘৰৰ বাহিৰত সতীৰ্থ সকলৰ সৈতে খেলি থকাৰ সময়তে হাবিৰ মাজৰ পৰা প্ৰকাণ্ড নাহৰফুটুকী বাঘটো ওলাই আহি শিশুটিক আক্ৰমণ কৰে।

মালিগাঁৱৰ পাহাৰীয়া অঞ্চল সমূহত প্ৰায়ে নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায়। মালিগাঁও অঞ্চলৰ পৰা বন বিভাগে পূৰ্বেও বহুকেইটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰিছে। আদিনগিৰী পাহাৰতো পূৰ্বে কেইবাবাৰো বাঘ-মানুহৰ সংঘাত সংঘটিত হৈছে।