ডিব্ৰুগড়, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰত বৃহস্পতিবাৰে নিশা বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ মইমতালিৰ বাবে নিহত হয় এজন আৰু আহত হয় দুজন। উল্লেখ্য যে চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনত জয়পুৰ লেবাংকোলাত এগৰাকী ব্যক্তিৰ ঘৰত বিদ্যুৎ সংযোগ কৰিব গৈছিল ৰাজকুমাৰ চেতিয়া ওৰফে ৰাজু নামৰ দুলিয়াজনৰ এজন ঠিকাদাৰৰ শ্রমিকে। কিন্তু ঠিকাদাৰ জনে শ্ৰমিক সকলৰ সুৰক্ষাৰ দিশটো লক্ষ কৰাটো বাদেই আনকি এই সংযোগ প্ৰদানৰ সময়ত বিদ্যুৎ বিভাগক অৱগত কৰি গ্ৰহণ কৰা নাছিল বিদ্যুৎ কৰ্তনৰ ব্যৱস্থাও। যাৰ ফলত বিদ্যুৎ সংযোগ দিয়াৰ সময়ত বিদ্যুৎ পৰিবাহী তাৰ ডাল দুৰ্ভাগ্যজনক ভাৱে ৪৪০ তাঁৰত সংযোগ হোৱাত বিদ্যুৎ প্ৰবাহ হৈ ঘটনাস্থলীত নিহত হয় প্ৰমোদ গগৈ নামৰ শ্ৰমিক জন। আনহাতে গুৰুতৰ ভাবে আঁহত হয় ধৰ্মেন গগৈ আৰু উপেন গগৈ নামৰ দুজন শ্ৰমিক। উল্লেখ্য যে দুয়োজন আহত লোককে প্ৰথমাৱস্থাত দুলিয়াজান চিকিৎচলয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁলোকৰ অৱস্থা সংকজনক হোৱাৰ বাবে দুয়োজনকে বৃহস্পতিবাৰে নিশাই ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হয়।