ডিমৌ, সংবাদ ৩৬৫, ৬ মেঃ শিৱসাগৰৰ জিলাৰ ডিমৌত চোৰাং তেলৰ এক বৃহৎ ভাণ্ডাৰ জব্দ হৈছে। শননিবাৰে নিশা ডিমৌৰ মচকৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা বাসগৃহত টেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ধৰা পেলাবলৈ সক্ষম হয়। আৰক্ষীয়ে তেল চুৰি চক্ৰৰ লগত জড়িত সুৰেশ ৰায় নামৰ এজন টেংকাৰ চালকক আটক কৰিবলৈ সক্ষম হয় যদিও আন সকলো টেংকাৰ চালক আৰু হেণ্ডিমেনৰ লগতে তেল চুৰ চক্ৰটোৰ সদস্যসকল পলাই যাবলৈ সক্ষম হয়। ডিমৌৰ মচকৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰয়াত হৰেশ গোহাঁই নামৰ এজন লোকৰ বাসগৃহৰ ভিতৰত তেল চুৰ চক্ৰই এনেদৰে তেল চুৰি কাৰ্য চলাই আছিল আৰু শনিবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই তেল চুৰ চক্ৰটো উৎসাত কৰে। আন্ধাৰৰ সুযোগ লৈ তেল চুৰ চক্ৰটোৰ সদস্য সকল পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে ঘটনাস্থলীৰ লৰা ৪খনকৈ টেংকাৰ জব্দ কৰাৰ লগতে এজন চালকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেল চুৰৰ গুদামৰ পৰা দুটা ইলেক্ট্ৰনিক মটৰ, ৪০টাৰো অধিক ডিজেলভৰ্তি ড্ৰাম আৰ পাইপকে ধৰি বহু সামগ্ৰী জব্দ কৰে।