তিনিচুকীয়া, সংবাদ ৩৬৫, ১২ জানুৱাৰী : ডুমডুমাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে “কা” বিৰোধী আন্দোলনত শ্বহীদ হোৱা জাতীয় শ্বহীদক সোঁৱৰী শ্ৰদ্ধাঞ্জলিৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদোগত ডুমডুমাৰ গান্ধী মূৰ্ত্তি সমীপত “কা” বিৰোধী আন্দোলনত শ্বহীদ হোৱা জাতীয় শ্বহীদ সকলক সশ্ৰদ্ধ ‌ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ‌লগতে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনাৰে শ্বহীদৰ আত্মাই চিৰশান্তি লাভ কৰে তাৰ কামনা কৰে ।

এই অনুষ্ঠানটোত ডুমডুমা অঞ্চলৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠানৰ ভক্ত বৃন্দই অংশ গ্ৰহণ কৰি প্ৰাৰ্থনাৰ লগতে নাম কীৰ্ত্তন কৰে ।